Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • নতুন দিল্লীৰ দিল্লী হাটত হস্তশিল্পৰ ভব্য প্ৰদৰ্শনী “দ্য মাষ্টাৰ ক্ৰিয়েচন ২.০” সৃজনীশীলতাৰ অপূৰ্ব নিদৰ্শন।
ভাৰত

নতুন দিল্লীৰ দিল্লী হাটত হস্তশিল্পৰ ভব্য প্ৰদৰ্শনী “দ্য মাষ্টাৰ ক্ৰিয়েচন ২.০” সৃজনীশীলতাৰ অপূৰ্ব নিদৰ্শন।

Email :10

যোৱা ১ ডিচেম্বৰৰ পৰা নতুন দিল্লীৰ দিল্লী হাটত এক হস্তশিল্পৰ প্ৰদৰ্শনী “দ্য মাষ্টাৰ ক্ৰিয়েচন ২.০” বস্ত্ৰ মন্ত্ৰালয়ৰ সৌজন্যত অনুষ্ঠিত হৈ আছে। এই প্ৰদৰ্শনীখনৰ উদেশ্যে হৈছে পদ্মশ্ৰী, সন্ত কবীৰ বঁটা ৰাষ্ট্ৰীয় বঁটাসহ অন্য সন্মান লাভ কৰা ভাৰতৰ হস্তশিল্পীসকলক এখন মঞ্চ প্ৰদান কৰা। যোৱা ৫ ডিচেম্বৰ তাৰিখে বস্ত্ৰ মন্ত্ৰালয়ৰ সম্পাদক নীলম শামী ৰাৱে সভাস্থলী পৰিদৰ্শন কৰি হস্তশিল্পৰ প্ৰদৰ্শনকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। বস্ত্ৰ মন্ত্ৰালয়ে জনাই যে এই প্ৰদৰ্শনীখনে হস্তশিল্পীসকলৰ গ্ৰাহকৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপনত এটা মুখ্য ভূমিকা গ্ৰহণ কৰিছে। অহা ১৫ ডিচেম্বৰ ২০২৫, এই প্ৰদৰ্শনীখনৰ অন্তিম দিন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts