১৭ চেপ্তেম্বৰ ১৯৫০ চনত জন্মগ্ৰহণ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। ২০০১ পৰা ২০১৪ লৈ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ ৰূপে কাৰ্য্যনিৰ্বাহ কৰি ২০১৪ ৰ পৰা বৰ্তমানলৈ তেখেতে ভাৰতক প্ৰধানমন্ত্ৰী হিচাপে নেতৃত্ব দি আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভাৰতত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভকে ধৰি বিশ্ব নেতাসকলে বিশ্ব সহযোগিতা, বহনক্ষম উন্নয়ন, আৰু শান্তিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বক প্ৰশংসা কৰি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি “স্বস্থ নাৰী সশক্ত পৰিবাৰ” আৰু “অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহৰ” শুভাৰম্ভণি কৰিব।ভাৰতীয় জনতা পাৰ্টিয়ে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিনৰ লগত সংগতি ৰাখি সেৱা পষেক/সেৱা পখৱাড়া ১৭ চেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ আয়োজন কৰিব।













