Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • ভাৰত
  • দিল্লীত চলি থকা সৰস আজিৱীকা খাদ্য মহোৎসৱ ২০২৫ লৈ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি।
ভাৰত

দিল্লীত চলি থকা সৰস আজিৱীকা খাদ্য মহোৎসৱ ২০২৫ লৈ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি।

Email :17

দেশৰ ২৫ খন ৰাজ্যৰ প্ৰায় ৩০০ লাখপতি বাইদেউ আৰু আত্মসহায়ক গোটৰ মহিলাসকলে ২৯ নবেম্বৰৰ পৰা আৰম্ভ হোৱা এই সৰস খাদ্য আজিৱীকা উৎসৱত অংশগ্ৰহণ কৰিছে। ৬২ খন ষ্টলৰ ভিতৰত ৫০ খনত লাইভ ফুডৰ ব্যৱস্থা, আনহাতে ১২ খন ষ্টলত প্ৰাকৃতিক খাদ্য সামগ্ৰী উপলব্ধ। হাৰিয়ানা, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, কেৰালা, অসম, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা, গুজৰাট আদি ৰাজ্যই এই খাদ্য উৎসৱত অংশগ্ৰহণ কৰিছে। সমগ্ৰ দিল্লী আৰু চুবুৰীয়া চহৰৰ পৰা অহা দৰ্শকে দেশৰ বৈচিত্ৰময় পৰম্পৰাগত সাজ-পোছাকৰ সৈতে সাংস্কৃতিক কাৰ্যসূচীৰ আনন্দ লোৱাৰ উপৰি ৫০০ৰো অধিক খাদ্যৰ জুতি ল’ব পাৰিব। ৰাইজে পুৱা ১১:৩০ বজাৰ পৰা নিশা ৯:৩০ বজালৈ এই খাদ্য মেলাত অংশগ্ৰহণ কৰিব পাৰিব। অহা ৯ ডিচেম্বৰত উক্ত মেলাৰ সামৰণি পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts