নাগালেণ্ড চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত ২৪ অক্টোবৰত দিল্লীস্থিত নাগালেণ্ড হাউচত দুদিনীয়া অনুষ্ঠিত উক্ত মহোৎসৱত পৰম্পৰাগত সংগীত, নৃত্য, হস্তশিল্প, আৰু খাদ্য সম্ভাৰৰ দ্বাৰা দৰ্শনাৰ্থীসকলক নাগালেণ্ডৰ সাংস্কৃতিক পৰম্পৰাৰ এক আভাস দাঙি ধৰাৰ প্ৰয়াস কৰা হয়।দিল্লীৰ মন্ত্ৰী কপিল মিশ্ৰই এই মহোৎসৱ উদ্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং তথা বিভিন্ন উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।













