বৰ্তমান অসমৰ বয়ন শিল্পৰ সমগ্ৰ বিশ্বজুৰি চাহিদা বৃদ্ধি পাই গৈ আছে। অসমৰ শিপিনীসকলৰ মনতো ‘চিল্ক সমগ্ৰ-২’ আঁচনিয়ে আশাৰ সঞ্চাৰ কৰিছে। উক্ত আঁচনিৰ অধীনত আজি শোণিতপুৰৰ টুপিয়া ই.চি.চি. কেন্দ্ৰত ৰেচম বিভাগৰ উদ্যোগত শিপিনীসকললৈ তাঁতশাল আৰু সূতা কটা যন্ত্ৰ আগবঢ়ালে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। নিজৰ বক্তব্যত তেখেতে প্ৰকাশ কৰে যে গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ লগতে ভাৰতৰ ৰেচম উদ্যোগলৈ আমাৰ শিপিনীসকলে সৃজনীশীলতা আৰু বজাৰমুখী চিন্তাৰে অৰিহণা যোগাবলৈ নিশ্চয় সক্ষম হ’ব।













