১৮ চেপ্তেম্বৰ ২০২৫ তাৰিখে মন্ত্ৰী পীযুষ হাজৰিকাই এই সিদ্ধান্তৰ কথা সদৰি কৰে। নিজৰ বক্তব্য প্ৰকাশ কৰি তেখেতে কয় যে এই পদক্ষেপৰ জৰিয়তে চৰকাৰে চাহ বাগিচাৰ জনগোষ্ঠীসমূহৰ বাবে সামাজিক ন্যায় আৰু স্বীকৃতি নিশ্চিত কৰিবলৈ বিচাৰে। Dual Caste Certificate ব্যৱস্থাই তেওঁলোকৰ পৰিচয় সুৰক্ষিত কৰাত সহায় কৰিব আৰু কল্যাণমূলক সুবিধাৰ বাবে তেওঁলোকৰ উচিত দাবী শক্তিশালী কৰিব। নতুন ব্যৱস্থাৰ অধীনত আবেদনকাৰীয়ে দুটা ৰূপত জাতিগত প্ৰমাণ পত্ৰ লাভ কৰিব পাৰিব বৰ্তমানৰ নীতি অনুসৰি ৰাজ্য চৰকাৰে অন্য পিছপৰা শ্ৰেণী (OBC) বা অধিক অন্য পিছপৰা শ্ৰেণী (MOBC) হিচাপে স্বীকৃতিপ্ৰাপ্ত তেওঁলোকৰ জাতি বা সম্প্ৰদায়ৰ তালিকাভুক্ত কৰাটো নিশ্চিত। উপজাতিৰ স্বীকৃতি অনুসৰি, যিটো অ’বিচি বা এমঅ’বিচি শ্ৰেণীৰ অন্তৰ্গত হ’ব।













