Email :23
কম্বোডিয়া আৰু থাইলেণ্ডৰ মাজত চলি থকা সীমা বিবাদক কেন্দ্ৰ কৰি যি সংঘাতৰ সুত্ৰপাত হ’ল তাত ইতিমধ্যে ১৩ জন লোকৰ মৃত্যু হৈছে। ৰাষ্ট্ৰসংঘত কম্বোডিয়াৰ দূত ছিয়া কেওৱে উল্লেখ কৰে যে ফ্নম পেনে বিবাদৰ শান্তিপূৰ্ণ সমাধান বিচৰাৰ বাবে বিনা চৰ্ত যুদ্ধবিৰতিৰ বাবে অনুৰোধ জনাইছে। ডাংৰেক পৰ্বতমালাৰ ওপৰত অৱস্থিত একাদশ শতিকাৰ প্ৰেহ ভিহেয়াৰ মন্দিৰ দুয়োখন দেশে নিজৰ বুলি দাবী কৰি অহাৰ বাবে এই সংঘৰ্ষৰ পুনৰ সুত্ৰপাত হৈছে কিয়নো ন্যায়ালয়ে মন্দিৰতো কম্বোডিয়াৰ বুলি ৰায় দিয়াৰ পিছতো থাইলেণ্ডে মন্দিৰতো নিজৰ বুলি দাবী কৰি আহিছে।