ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯১ সংখ্যক বিদ্যালয় সপ্তাহ তথা বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই শিক্ষানুষ্ঠানখনে স্থানীয় ল’ৰা-ছোৱালীক মানৱ সম্পদ ৰূপে গঢ় দিবলৈ এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে বুলি বিধায়কগৰাকীয়ে নিজৰ বক্তব্যত স্বীকাৰ কৰে। উক্ত শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে অতিৰিক্ত শ্ৰেণী কোঠাৰ শুভ উদ্বোধন কাৰ্যসূচী সম্পন্ন কৰি, এই অতিৰিক্ত শ্ৰেণীকোঠাই ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব বুলি আশা কৰে।













