শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনস্থলী জামুগুৰিহাটৰ ধলাইবিল নাহৰবাৰী পথাৰ (জ্যোতি সমন্বয় ক্ষেত্ৰ) পৰিদৰ্শন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। অহা ৬, ৭, আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনখন সুচাৰুৰূপে চলাই নিয়াৰ প্ৰস্তুতিৰ ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিষয়াৰ সহযোগিতা, বয়োজ্যেষ্ঠ তথা আইমাতৃসকলৰ পৰামৰ্শৰ বাবে বিধায়কগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰস্তুতিৰ অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে অধিবেশনখনৰ সফল আয়োজনৰ বাবে ৰাইজৰ পৰা সহযোগ কামনা কৰে।













