আজি কন্যকা সভাকক্ষত সদৌ অসম পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদ অবিভক্ত শোণিতপুৰ বিশ্বনাথ জিলাৰ উদ্যোগত অনুষ্ঠিত এক সভাত পৰিষদৰ প্ৰতিনিধিসকলে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক সম্বৰ্ধনা জ্ঞাপন কৰে।সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে বিভাগীয় মন্ত্ৰীসকলৰ লগত যোগসূত্ৰ স্থাপন কৰি সংশ্লিষ্ট বিষয়টো সমাধানৰ বাবে কৰা প্ৰচেষ্টাক লৈ ৮০০০ পৰিয়ালৰ হৈ সদৌ অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিসকলৰ পৰা লাভ কৰা সদ্ভাৱ আৰু বিশ্বাসৰ বাবে বিধায়কগৰাকীয়ে ধন্যবাদ জনাই কয় যে কৰ্মচাৰীসকলৰ দুচকুত সমস্যা সমাধানৰ সন্তুষ্টিৰ তিৰবিৰণি দেখি; জনসেৱাৰ যাত্ৰা অবিৰতভাৱে আগবঢ়াই নিবলৈ বিধায়ক গৰাকীয়ে উৎসাহিত অনুভৱ কৰিছে। এনে বিশ্বাস তথা আস্থাই তেখেতৰ সংকল্প দৃঢ় কৰে বুলিও দোহাৰে।













