Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • আজি শোণিতপুৰ জিলা যুৱ মৰ্চাৰ উদ্যোগত যুৱ সন্মিলন সম্পন্ন।
অসম

আজি শোণিতপুৰ জিলা যুৱ মৰ্চাৰ উদ্যোগত যুৱ সন্মিলন সম্পন্ন।

Email :7

শোণিতপুৰ জিলা যুৱ মৰ্চাৰ উদ্যোগত তথা নদুৱাৰ সমষ্টিৰ চাৰিওটা মণ্ডল ক্ৰমে নাগশংকৰ, উত্তৰ নদুৱাৰ, দক্ষিণ নদুৱাৰ তথা চাৰিদুৱাৰ মণ্ডলৰ সহযোগত আজি অনুষ্ঠিত হোৱা যুৱ সন্মিলনত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ১৫০০ ৰো অধিক যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা উক্ত সন্মিলনত ৬০০ ৰো অধিক যুৱকৰ বাইক ৰেলী আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। বিধায়কগৰাকীয়ে আত্মবিশ্বাসেৰে কয় যে এইবাৰো নিৰ্বাচনত ঐক্যবিহীন বিৰোধীৰ বিপৰ্যয় নিশ্চিত, কিয়নো তেওঁলোকে নিৰ্বাচনক এক ব্যক্তিগত স্বাৰ্থ পূৰণৰ লক্ষ্য হিচাপে গণ্য কৰে। আনহাতে বিজেপি চৰকাৰৰ দিনত অসমত এতিয়া চৰাইৰ মাতত ৰাতিপুৱাই, বিভিন্ন প্ৰান্তত ভূমিসমূহ এতিয়া বেদখলমুক্ত, চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা। গতিকে এনে এক প্ৰেক্ষাপটত পুনৰ অপশাসন, দুৰ্নীতি, আৰু ভ্ৰষ্টাচাৰৰ দিনবোৰলৈ উভতি যাবলৈ ৰাইজ আৰু প্ৰস্তুত নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts