আজি জামুগুৰিহাটৰ বাপুজী ভৱনত জামুগুৰি সাহিত্য সভাৰ উদ্যোগত “প্ৰসিদ্ধ কবি তথা গীতিকাৰ নৱকান্ত বৰুৱাদেৱৰ জীৱন আৰু সাহিত্য কৃতি” শীৰ্ষক ১০৪ সংখ্যক আমন্ত্ৰণমূলক বক্তৃতানুষ্ঠানত উপস্থিত হʼবলৈ পায় এজন সাহিত্য অনুৰাগী ৰূপে নিজকে সৌভাগ্যবান বুলি গণ্য কৰা বুলি প্ৰকাশ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই সভাত নৱকান্ত বৰুৱাদেৱেৰ কলমত প্ৰাণ পাই উঠা “মই জীয়াই আছোঁ” নামৰ কবিতাটি আবৃত্তি কৰি কবি তথা সাহিত্যকগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে বিধায়কগৰাকীয়ে। অসমীয়া সাহিত্যৰ ভঁৰাল তেখেতে যিদৰে বিভিন্ন গ্ৰন্থৰে চহকী কৰি থৈ গৈছে সেইবোৰৰ বিশদ সাহিত্যধৰ্মী আলোচনাৰ প্ৰয়োজন আছে বুলি পদ্ম হাজৰিকাই স্বীকাৰ কৰে।













