জনতাৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ কন্যকা বহুমুখী কৃষি পামত প্ৰয়াত শিল্পীগৰাকীৰ স্মৃতিত জুবিন উদ্যানৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ আজি ৰাতিপুৱা এটা নাহৰ পুলি ৰোপনৰে উক্ত উদ্যানৰ শুভাৰম্ভ কৰে অৰণ্য মানৱ যাদৱ পায়েঙ ডাঙৰীয়াই ৷ তেখেতৰ লগতে 134 ETF unit ৰ সদস্য সকল, সমষ্টিটোৰ যুৱক-যুৱতী, তথা মহিলাসকলেও এই নাহৰ পুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ উদ্যানৰ শুভাৰম্ভ কৰি যাদৱ পায়েঙ ডাঙৰীয়াই বক্তব্য প্ৰকাশ কৰি স্পষ্টকৈ উল্লেখ কৰে যে- আমি জুবিনৰ গান গালেই নহ’ব, শদিয়াৰ পৰা ধুবুৰিলৈকে জুৱিনৰ নামত একোখনকৈ অৰণ্য গঢ়ি তোলাৰ তেখেতে ৰাইজলৈ আহ্বান জনায় ৷ অসম চৰকাৰক ৰাজ্যখনৰ ৫৮ খন চৰ-চাপৰিত গছ-পুলি ৰোপনৰো দাবী জনালে অৰণ্য মানৱ যাদৱ পায়েঙে ৷
শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, নদুৱাৰ সম-জিলা আয়ুক্ত মানস শইকীয়া, নদুৱাৰ সম-জিলা আৰক্ষী অধীক্ষক পিংকি দাস, 134 ETF ৰ মেজৰ কনহায়া আগৰৱালাৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।













