Email :12
আজি নদুৱাৰ সমষ্টিৰ চাৰিদুৱাৰৰ সীমান্ত মিলন সংঘত যুৱ সাংবাদিক সন্থা অসমৰ উদ্যোগত আৰু বালিপাৰা প্ৰেছ ক্লাৱৰ সহযোগত “জনমত গঠনত সাংবাদিকৰ ভূমিকা, উৰাবাতৰি আৰু খবৰৰ বিচ্যুতিৰ প্ৰভাৱ” শীৰ্ষক অনুষ্ঠিত আলোচনাচক্ৰত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে বিশিষ্ট চিন্তাবিদ, লেখক ময়ূৰ বৰা ডাঙৰীয়া আৰু বিশিষ্ট অতিথিসকল উপস্থিত থাকে। এই আলোচনাই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সাংবাদিকসকলৰ মাজত নৈতিক দায়িত্ববোধ, সামাজিক সচেতনতা লগতে অপপ্ৰচাৰৰ পৰা বিৰত থাকি সমাজহিতৈষী সুস্থ জনমত গঠনৰ ক্ষেত্ৰত দায়বদ্ধতা অধিক বৃদ্ধি কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে।