আজি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্ৰীয় যোগাযোগ ব্যুৰো তেজপুৰৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ সজাগতা সভাত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই সভাত ‘আত্মনিৰ্ভৰ ভাৰতৰ বাবে শ্ৰমিক সংস্কাৰ’, ‘বিকশিত ভাৰত’, ‘আত্মনিৰ্ভৰ ভাৰত’, ‘পোষণ অভিযান’ আৰু ‘স্বচ্ছতা হী সেৱা’ আদি বিষয়ত ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ বৃদ্ধিৰ উদেশ্যে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। কিয়নো চৰকাৰৰ সঠিক সিদ্ধান্তসমূহৰ সফলতা নিৰ্ভৰ কৰে ৰাইজৰ পৰা লাভ কৰা সহযোগিতাৰ ওপৰত। দিনজোৰা কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতম আছিল: ক) চাফাই অভিযান খ) সজাগতা সভা গ) মহিলাসকলৰ বাবে সংগীত চকী খেল ঘ) মুকলি কুইজ প্ৰতিযোগিতা ঙ) আকৰ্ষণীয় বাটৰ-নাট। সমূহ ৰাইজক তেজপুৰৰ ১ নং ৰাজগড় গ্ৰাম পঞ্চায়ত প্ৰাংগনত অনুষ্ঠিত কাৰ্যসূচী সফল কৰি তোলা বাবে কৃতজ্ঞতা জনাই বিধায়কগৰাকীয়ে।













