পঞ্চায়তৰ পৰ্যবেক্ষক ভাস্কৰ শইকীয়া আৰু সঞ্জয় শৰ্মাৰ তত্বাবধানত পশ্চিম মূঢ়াদাল গাঁও পঞ্চায়তৰ পঞ্চায়ত প্ৰতিনিধিৰসকলৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ তথা কনিষ্ঠ বিষয়ববীয়াসকলৰ সৈতে আজি কন্যকা বহুমুখী কৃষি পামৰ সভাকক্ষত আয়োজিত চাহ মেলত অংশগ্ৰহণ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। পঞ্চায়তৰ সামগ্ৰিক উন্নয়নকে ধৰি আগন্তুক বিধানসভা নির্বাচনৰ বাবে বিভিন্ন সাংগঠনিক কাম-কাজৰ আলোচনাত মিলিত হয়।













