Email :17
অসমৰ এক অন্যতম উৎসৱ হৈছে ৰাস। শৰৎ কালৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। ২০২৫ ৰ ৫ নৱেম্বৰত ৰাজ্যজুৰি পালন হ’ব ৰাস। ৰাস মহোৎসৱত মৰ্ত্যত কৃষ্ণৰ বিভিন্ন লীলাৰ সাৱলীল উপস্থাপন কৰা হয়। অসমৰ বিভিন্ন সত্ৰসমূহে ৰাস মহোৎসৱ আস্থাৰ সৈতে উদযাপন কৰে।













