যোৱা ২১ নবেম্বৰ তাৰিখে বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক কৰ্ণধাৰ সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হৈ যায়। উক্ত বৈঠকত এন ডি এৰ মিত্ৰজোঁটৰ সৈতে মিলি অসম বিধানসভাৰ নিৰ্বাচনত ১০৩ খন আসন জয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সাংগঠনিক বিষয়, উন্নয়নত অগ্ৰাধিকাৰ আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰা হয় । বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সংগঠন) বি এল সন্তোষ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক দলৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সম্পাদক সাংসদ কামাখ্যা তাছা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাধাৰণ সম্পাদক (সংগঠন) ৰঞ্জিব কুমাৰ শৰ্মাকে ধৰি অন্যান্য জ্যেষ্ঠ নেতাসকল উপস্থিত আছিল।













