Email :27
অৰুণাচলৰ চাংলাং জিলাত দ্বিতীয় বিশ্বযুদ্ধৰ সৈতে জড়িত ঐতিহাসিক স্থানসমূহৰ প্ৰাৰম্ভিক পৰ্যবেক্ষণ ব্ৰিটেইনস্থিত কমনৱেলথ ৱাৰ গ্ৰেভছ কমিছনৰ (চি ডব্লিউ জি চি)ৰ এটা প্ৰতিনিধি দলৰ দ্বাৰা সম্পন্ন হৈছে। ভাৰত উপমহাদেশৰ চি ডব্লিউ জি চিৰ আঞ্চলিক মুৰব্বী অমিত বংছালৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটোৱে যোৱা ২৪ জুলাই ২০২৫ ত দ্বিতীয় বিশ্বযুদ্ধৰ কবৰস্থান, লাল পুল, হেমিল্টন দলং, হেল গেট, আৰু পাংছাউ পাছলৈ যোৱা পুৰণি ষ্টিলৱেল পথৰ ঐতিহাসিক অংশৰ জৰীপ সম্পূৰ্ণ কৰে। এক আনুষ্ঠানিক বিবৃতি অনুসৰি এই পদক্ষেপৰ উদেশ্য হৈছে ঐতিহাসিক এই অৱশিষ্টসমূহক কমনৱেলথৰ মানদণ্ডলৈ উন্নীত কৰা।