আজিৰ পৰ্যালোচনা সভাত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ বিষয়া, স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ উপস্থিতিত প্ৰস্তুতি আৰু ব্যৱস্থাপনাৰ বিভিন্ন দিশৰ অগ্ৰগতিৰ বিষয়ে জানিবলৈ প্ৰয়াস কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। আজিৰ পৰ্যালোচনা সভাত উপস্থিত থাকে নদুৱাৰ সমজিলাৰ আয়ুক্ত মানস শইকীয়া,শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সচিব ডাঃ বিমান শৰ্মা, শোণিতপুৰ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক মাধুৰ্য্য প্ৰসাদ বৰা, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ নদুৱাৰ আৰু চতিয়া খণ্ড প্ৰকল্প প্ৰৱন্ধক ক্ৰমে জ্যোতিষ্ময় বৰুৱা আৰু দিপজ্যোতি বৰাইক, শোণিতপুৰ জিলাৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ অলিমা নাথকে প্ৰমুখ্য কৰি অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ জীৱিকা সখী, পঞ্চায়তৰ বিষয়ববীয়াসকল। “মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান” আঁচনিখন মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহা ৪ নৱেম্বৰ তাৰিখে মুকলি কৰি উদ্যমী মহিলাসকলক উৎসাহিত কৰিব। “মেগা স্বাস্থ্য মেলা ২০২৫” ৰ সুবিধা গ্ৰহণ কৰি অঞ্চলবাসী ৰাইজে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, চিকিৎসা সেৱা আদিৰ দ্বাৰা উপকৃত হ’ব। ৩০ গৰাকীৰো অধিক অভিজ্ঞ চিকিৎসকৰ উপস্থিতিত উক্ত স্বাস্থ্য মেলাক সফল কৰি তুলিবলৈ সকলো ধৰণৰ প্ৰস্তুতি চলি আছে।













