Email :25
বিশ্বনাথ জিলাৰ ২,১৪৫টা পৰিয়ালৈ আগবঢ়োৱা হʼল মাটিৰ পট্টা। উক্ত জিলাত এতিয়ালৈ ১২ হাজাৰ ভূমিৰ পট্টা জাৰি কৰা হৈছে। বিশ্বনাথত ১,৩৩৬ জন, গহপুৰত ১৫৭ জন, নদুৱাৰত ৫০৯ জন, আৰু বিহালীত ১৪৩ জন হিতাধিকাৰীলৈ এই সুবিধা দিয়া হৈছে যাতে বনাঞ্চলত বাস কৰা জনগোষ্ঠীসমূহক কোনেও বেদখলকাৰী বুলি অভিহিত কৰিব নোৱাৰে।