অসমৰ এক অন্যতম সৰ্ববৃহৎ সামাজিক তথা ধাৰ্মিক সংগঠন হৈছে শ্ৰীমন্ত শংকৰদেৱসংঘ। উক্ত সংঘৰ বাৰ্ষিক অধিবেশনৰ প্ৰতি ৰাইজৰ আছে এক বিশেষ আস্থা। উক্ত অধিবেশন হৈছে সমন্বয়ৰ প্ৰতীক। অহাকালি ৯৫ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপনৰ দিন ধাৰ্য কৰা হৈছে। সেয়ে অধিবেশনৰ স্থান জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে প্ৰস্তুতিৰ বুজ ল’বলৈ প্ৰয়াস কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।













