Email :19
ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে নতুন দিল্লীত এক সংবাদমেলত যোৱা ১ আগষ্টত কৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ঘোষণাই অসমৰ চলচ্চিত্ৰ জগতৰ সৈতে জড়িত বিভিন্ন শিল্পীলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। চলচ্চিত্ৰ সমালোচক উৎপল দত্তলৈ সমালোচকৰ স্বৰ্ণ কমল বঁটা আগবঢ়োৱা হৈছে। শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰিছে আদিত্যম শইকীয়া পৰিচালিত “ৰঙাটাপু ১৯৮২। শ্ৰেষ্ঠ জীৱনীমূলক/ঐতিহাসিক/সংকলন নন-ফিচাৰ চলচ্চিত্ৰৰ শাখাত ৰজত কমল বঁটা সঞ্জীৱ পৰাশৰ পৰিচালিত “Lentina Ao – A Light on the Eastern Horizon” দিয়া হৈছে।