প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ দ্বাৰা ২৩ আগষ্টত ১২:৩০ বজাত সংহত বায়ু প্ৰতিৰক্ষা অস্ত্ৰ ব্যৱস্থাৰ (আই এ ডি ডব্লিউ এছ) ওড়িশাৰ উপকূলৰ পৰা পৰীক্ষা সম্পূৰ্ণ কৰা হয়। ডি আৰ ডি অ’ৰ ভাষ্য অনুসৰি, আই এ ডি ডব্লিউ এছ হ’ল এক বহুস্তৰীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, যিটো সম্পূৰ্ণৰূপে থলুৱাভাৱে বিকশিত আৰু ইয়াত কুইক ৰিয়েকচন ছাৰ্ফেচ-টু-এয়াৰ মিছাইল (কিউ আৰ এছ এ এম), এডভান্সড ভেৰী শ্বৰ্ট ৰেঞ্জ এয়াৰ ডিফেন্স চিষ্টেম (ভি এছ অ’ আৰ ডি এছ) মিছাইল আৰু উচ্চ শক্তিৰ লেজাৰ ভিত্তিক ডাইৰেক্টেড এনাৰ্জি ৱেপন (ডি ই ডব্লিউ) আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’, সশস্ত্ৰ বাহিনী, আৰু ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগক এই সফল প্ৰচেষ্টাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।