২০২৫ বৰ্ষৰ প্ৰয়াত ধনপাল লিম্বু সোঁৱৰণী নদুৱাৰ সমষ্টি ভিত্তিক ফুটবল প্ৰতিযোগিতা ২৭ জুলাইৰ পৰা আৰম্ভ হোৱা উত্তৰ নাগশংকৰ গাঁও পঞ্চায়তৰ উদ্যোগত চলি আছে। আজি ছেমি ফাইনেল খেলখন ১ নং চতিয়া আৰু উত্তৰ নাগশংকৰ পঞ্চায়তৰ মাজত দিকৰাই খেলপথাৰত অনুষ্ঠিত হৈছিল। এক সুন্দৰ ছেমিফাইনেল খেলৰ আয়োজন কৰা বাবে আয়োজক কমিটী শলাগে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। এই খেলখনত স্থানীয় খেলুৱৈৰ দুভৰিৰ যাদুই সকলোকে মুগ্ধ কৰিলে।উক্ত খেলখনত শোণিতপুৰ জিলা পৰিষদৰ উপ-সভাপতি হীতেশ বৰুৱা, নাগশংকৰ মণ্ডলৰ সভাপতি জীৱন বৰা, খেলত অংশগ্ৰহণ কৰা দুয়োখন গাঁও পঞ্চায়তৰ সভাপতিকে প্ৰমুখ্য কৰি ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত আছিল।