অসমৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা সচিবালয় ভৱনটো ১৭ মহলীয়াকৈ সাজি উলিওৱা হৈছে। কেন্দ্ৰিভূত বিল্ডিং মেনেজমেন্ট চিষ্টেমৰ দ্বাৰা প্ৰায় ৮,০০০ বৰ্গমিটাৰ জুৰি থকা ভৱন পৰিচালিত হ’ব। এলিছা অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিচালিত ডিজিটেল তথ্য ব্যৱস্থা- এ আই ফৰ ডিজিটেল লেজিচলেটিভ ইনটেলিজেন্স অৱ আছামৰ সংযোজনে অসমৰ প্ৰশাসনিক ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মতপোষণ কৰে।











