Shopping cart

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

Magazines cover a wide array subjects, including but not limited to fashion, lifestyle, health, politics, business, Entertainment, sports, science,

TnewsTnews
  • Home
  • উত্তৰ-পূব
  • অসম
  • নদুৱাৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ ধলাইবিলৰ সাহিত্য সভা ভৱনত আজি এটি বোৱাকটা প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
অসম

নদুৱাৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ ধলাইবিলৰ সাহিত্য সভা ভৱনত আজি এটি বোৱাকটা প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

Email :17

ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামৰ সহযোগত আৰু ভৰলীপৰীয়া মহিলা সমিতিৰ উদ্যোগত পাঁচখনকৈ গাঁৱৰ ২৪ গৰাকী মহিলাক ৪ খনকৈ আধুনিক তাঁতশালত প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে আয়োজিত এই বোৱাকটা প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানটিৰ সভাপতি আসন অলংকৃত কৰে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী তথা মহিলা সমিতি খনৰ সভানেত্ৰী লাহৰী বৰা হাজৰিকাই ৷ সম্পাদিকা বৰ্ণালী হাজৰিকা আৰু ৰুমী দেৱীয়ে আত ধৰা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে জামুগুৰিহাটৰ বোৱনী সম্প্ৰসাৰণ সেৱা কেন্দ্ৰৰ পৰিদৰ্শিকা শিখাজ্যোতি গোস্বামী আৰু অৱসৰপ্ৰাপ্ত সম্প্ৰসাৰণ বিষয়া শেৱালি বৰাই ৷ প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰি বোৱনীসকলক বোৱাকটাৰ প্ৰশিক্ষণ প্ৰদান কৰে কাৰিকৰী প্ৰশিক্ষকদ্বয় ক্ৰমে অঞ্জন দাস আৰু ৰূপা দাসে ৷ বিধায়ক পদ্ম হাজৰিকাই ভৰলীপৰীয়া মহিলা সমিতিৰ পদক্ষেপক শলাগে আৰু চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Related Posts