Email :35
ডেকাচুক গাঁৱত MGNREAG আঁচনিৰ অধীনত ৪ লাখ ৪৪ হাজাৰ টকা, আৰু পঞ্চদশ ফাইনেঞ্চৰ অধীনত ২ লাখ ৪৪ হাজাৰ টকা ব্যয়ৰে নিৰ্মাণ হোৱা শ্মশানৰ শুভ উদ্বোধন কৰিলে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
এই অনুষ্ঠানত উপস্থিত থাকে জামুগুৰি জিলা পৰিষদ সদস্য উৎপল বৰা, দক্ষিণ চিলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী নিৰ্মালি দাস, শোণিতপুৰ জিলা যুৱ মৰ্চাৰ উপ-সভাপতি মাধুৰ্য্য বৰা, লগতে পঞ্চায়তৰ GRS বিষয়া আৰু ডেকাচুক গাঁৱৰ ৰাইজ।