Email :14
যোৱা ১৭ আগষ্টত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল তথা দলৰ জ্যেষ্ঠ নেতা চি পি ৰাধাকৃষ্ণনক এন ডি এৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী ৰূপে নিৰ্বাচন কৰা হৈছে। ১৯৫৭ চনৰ ২০ অক্টোবৰত তেখেতৰ জন্ম হৈছিল তামিলনাডুৰ তিৰুপপুৰত। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) আৰু ভাৰতীয় জন সংঘৰ জৰিয়তে তেখেতে ৰাজনীতিৰ পথাৰত নামিছিল। ১৯৯৮ আৰু ১৯৯৯ চনত কইম্বাটুৰৰ পৰা দুবাৰকৈ লোকসভালৈ তেখেতে নিৰ্বাচিত হৈছিল ।