Email :14
ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে কয় যে এই প্ৰকল্পটো প্ৰথমে ১৯৮৬ চনত ৰাজহুৱা কৰাৰ পিছৰে পৰা চীনত ইয়াৰ প্ৰস্তুতি চলি আছে। চীনৰ জলবিদ্যুৎ প্ৰকল্প গঢ়ি তোলাৰ পৰিকল্পনাৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ সৈতে জড়িত সকলো আনুসংগিক দিশৰ চৰকাৰে “সতৰ্কতাৰে নিৰীক্ষণ” কৰি আছে আৰু “তলৰ অঞ্চলত বাস কৰা ভাৰতীয় নাগৰিকসকলৰ জীৱন আৰু জীৱিকা সুৰক্ষিত কৰাৰ বাবে প্ৰতিৰোধমূলক আৰু সংশোধনী ব্যৱস্থাকে ধৰি স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে”, মন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্যত উল্লেখ কৰে।