Email :14
আজি হটিঙা চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত বিজ্ঞানাগৰৰ আধাৰশিলা স্থাপন কৰি ছাত্ৰ-ছাত্ৰীক বিজ্ঞানৰ অধ্যয়ন সুচাৰুৰূপে কৰিবলৈ আৰু বিজ্ঞানৰ বিভিন্ন দিশ শিকিবলৈ আগ্ৰহী কৰি তুলিবলৈ, এটা আধুনিক বিজ্ঞানাগাৰৰ অতি প্ৰয়োজন বুলি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই প্ৰকাশ কৰে। তেখেতে বিজ্ঞানৰ দৰে ব্যৱহাৰিক বিষয় এটা আয়ত্ত কৰিবলৈ যি এক পৰীক্ষামূলক চিন্তাৰ প্ৰয়োজন তাৰ বীজ ৰোপিত কৰিবলৈ বিদ্যালয়ত থকা বিজ্ঞানাগাৰসমূহে মুখ্য ভূমিকা গ্ৰহণ কৰে বুলি দোহাৰে। আজি হটিঙা চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়ত উপস্থিত হৈ ভূমি পূজনৰ মাংগলিক অনুষ্ঠানৰ সম্পূৰ্ণ কৰি বিজ্ঞানাগাৰৰ আধাৰশিলা স্থাপন কৰে। এই বিজ্ঞানাগৰটো ৯ লাখ ৫০ হাজাৰ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা হ’ব। তেখেতে আশা কৰে যে এই পদক্ষেপৰ ফলত ছাত্ৰ-ছাত্ৰীৰ বাবে বিজ্ঞানৰ অধ্যয়ন অধিক আকৰ্ষণীয় হৈ পৰিব।