Email :15
“ICDS” Project ৰ অধীনত অংগনবাড়ী কৰ্মীসকলক স্মাৰ্টফোন বিতৰণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সদৰি কৰে যে আজি আমাৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হৈছে স্মাৰ্ট ফোন। এই স্মাৰ্ট ফোনৰ সহায়ত কৰ্মক্ষেত্ৰৰ কামবোৰো আমি নিয়াৰিকৈ কৰিব পাৰোঁ আৰু অংগনবাদী কৰ্মীসকলেও এই নতুন প্ৰযুক্তিৰ সৈতে নিজকে খাপ খুৱাই কাম কৰি যাব লাগিব। বিধায়কগৰাকীয়ে অংগনবাড়ী কৰ্মীসকলক নতুন প্ৰযুক্তি শিকিবলৈ অনুপ্ৰেৰণা দিয়ে।