“অসম সৌৰভ” ৰূপে জনাজাত গীতিকাৰ তথা নাট্যকাৰ হেমন্ত দত্তৰ দেহাৱসান অসমৰ সাংস্কৃতিক জগতখনৰ বাবে এক অতি অপূৰণীয় ক্ষতি। তেখেতে গীতিকাৰ ৰূপে প্ৰায় ৫০০ গীতৰ ৰচনা কৰি থৈ গৈছে। জয়ন্ত হাজৰিকা, চাৰু গোহাঁই, মালিকা বৰা, ৰাজেন গোহাঁই, ডলী ঘোষ, শান্ত উজিৰ, সমৰ হাজৰিকা আদিৰ শিল্পীয়ে কণ্ঠদান কৰি তেখেতে ৰচনা কৰা গীতবোৰক জীপাল কৰি তুলিছিল। ব্ৰজেন দাসে গীতিকাৰজনৰ প্ৰথম গীতটো ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত পৰিবেশন কৰিছিল। ১০০ খনতকৈও অধিক নাটক তেখেতে ৰচনা কৰি নিজৰ সৃজনীশীলতাৰে অসমৰ ৰাইজৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। জেমছ কেমেৰনৰ টাইটানিকক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ মঞ্চলৈ অনাৰ ক্ষেত্ৰত তেওঁৰ যি ভূমিকা আছিল তাক অসমবাসীয়ে চিৰদিনলৈ মনত ৰাখিব।
তেখেতৰ অৱদানৰ স্বীকৃতি স্বৰূপে হেমন্ত দত্তলৈ ভবেন বৰুৱা বঁটা (২০১৭), ভবেন্দ্ৰ নাথ শইকীয়া বঁটা (২০১৮–১৯), মুন লাইট মিডিয়া বঁটা, অসম নাট্য সন্মিলন বঁটা, অতুল চন্দ্ৰ হাজৰিকা বঁটা, নাট্য সিন্ধু বঁটা, গুৰুজী আদ্য শৰ্মা বঁটা (২০১৮), আৰু সাদিন-প্ৰতিদিন এচিভাৰ্ছ বঁটাকে আদি অন্যান্য বহু সন্মান আগবঢ়োৱা হৈছিল।