অগ্নি-৫ ক্ষেপণাস্ত্ৰ ৫,০০০ কিলোমিটাৰ পৰ্যন্ত লক্ষ্যত আঘাত কৰিবলৈ সক্ষম। এই মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষাই ভাৰতৰ সামৰিক শক্তিক প্ৰমাণিত কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে অৱগত কৰা অনুসৰি ষ্ট্ৰেটেজিক ফৰ্চ কামাণ্ডৰ তত্বাৱধানত ওড়িশাৰ চাণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা এই টেষ্ট ফায়াৰিং সম্পূৰ্ণ হৈছে আৰু সকলো অপাৰেচনেল আৰু টেকনিকেল পেৰামিটাৰক বৈধতা প্ৰদান কৰা হৈছে। অগ্নি-৫ ৰ পৰীক্ষা বিগত বছৰৰ মাৰ্চ মাহত সম্পন্ন হোৱাৰ পিছত পাকিস্তানৰ সৈতে হোৱা সামৰিক সংঘাতৰ প্ৰায় সাৰে তিনি মাহৰ পিছত পুনৰ সফল পৰীক্ষণ সম্পূৰ্ণ হ’ল।