Email :20
অনুষ্ঠানটোৰ জৰিয়তে উঠি আহা প্ৰজন্মৰ মানসিক বিকাশৰ মাত্ৰা বৃদ্ধি পাবলৈ সক্ষম হ’ব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে। তেখেতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি কবিতাও আবৃত্তিৰে কৰে । তেখেতে লগতে কয় যে ছাত্ৰ-ছাত্ৰীৰ কল্পনা শক্তি আৰু সৃজনীশীল চিন্তাই আজিৰ আধুনিক সম্ভাৱনাৰে পূৰ্ণ জীৱিকাসমূহ গ্ৰহণ কৰিবলৈ সহায় কৰিব । এই অনুষ্ঠানত উপস্থিত আছিল ত্যাগবীৰ হেমবৰুৱাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অজিৎ হাজৰিকা, ABVP জামুগুৰিহাট আশাৰ সভাপতি তিলক শৰ্মা, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফিৰোজ আনচাৰি, আৰু লগতে প্ৰাক্তন অধ্যক্ষ জীৱন বৰা , শোণিতপুৰ জিলা পৰিষদৰ উপ-সভাপতি হিতেশ বৰুৱা, জামুগুৰি আৰু চতিয়া পৌৰসভাৰ পৌৰপতিদ্বয় ক্ৰমে পল্লৱিতা শৰ্মা মহন্ত আৰু দীপশিখা সন্দিকৈকে ধৰি অভিভাৱকসকলক।